Your Voice, Our Strength

লাভলীনালৈ ৰেনল্টৰ উপহাৰ বিলাসী গাড়ী ‘কাইগাৰ’।

আজিৰ খবৰ,২০ আগষ্ট : সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰি ব্ৰঞ্জ মেডেল লাভ কৰা লাভলীনা বৰগোঁহাইক আজি ৰেনল্টে আগবঢ়াইছে এখন বিলাসী বাহন। অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাক ৰেনল্টে আগবঢ়াইছে ‘কাইগাৰ’ নামৰ বাহনখন। গুৱাহাটী মহানগৰৰ ছয়মাইলস্থিত ৰেনল্টৰ ইণ্টেগ্ৰা শ্ব’ৰূমত অনুষ্ঠিত এক অনুষ্ঠানত এই উপহাৰ লাভলীনালৈ আগবঢ়াইছে গাড়ী কোম্পানীটোৱে ।ৰেনল্টৰ বিক্ৰী আৰু বিপন বিভাগৰ ভাইচ প্ৰেচিডেণ্ট সুধীৰ মালহোত্ৰাই লাভলীনাৰ হাতত আজি এই বিলাসী বাহনখনৰ চাবি অৰ্পণ কৰিছে। উল্লেখ্য যে বৃহস্পতিবাৰে অলিম্পিক মেডেল লাভ কৰা মণিপুৰৰ মীৰাবাঈ চানুকো ৰেন’ল্ট ইণ্ডিয়াই renault kiger compact suv উপহাৰ ৰূপে দিছিল। ইপিনে এনেধৰণৰ উপহাৰেৰে নতুন প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ৰেনল্ট ৰ কৰ্তৃপক্ষই মন্তব্য কৰে । উপহাৰ স্বৰূপে লাভ কৰা এই বিলাসী বাহনখন লাভলীনাই মাক-দেউতাকলৈ আগবঢ়াইছে বুলি জানিবলৈ দিছে ।

 

You might also like