Your Voice, Our Strength

নিমাতীঘাট নাও দুৰ্ঘটনাত সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰাৰ বেগ উদ্ধাৰ বিশ্বনাথৰ ঘাটত।

উদ্ধাৰ কাৰ্য চলি আছে যদিও আজিও সন্ধান নাই ইন্দ্ৰেশ্বৰ বৰাৰ।

আজিৰ খবৰ, যোৰহাট, ১০ ছেপ্টেম্বৰ : তিনিদিন ধৰি ব্ৰহ্মপুত্ৰ বুকুত নিৰুদ্দিষ্ট হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ আজিও সন্ধান নাই । নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰাৰ বেগটো ইতিমধ্যে উদ্ধাৰ হৈছে বিশ্বনাথৰ লুইতৰ ঘাটত৷ বেগটোত পোৱা গৈছে জান বৰাৰ পত্নীৰ আধাৰ কাৰ্ড-ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু পত্নীৰ সৰু মানী বেগ এটা ৷স্থানীয় মাছ মৰীয়াই উদ্ধাৰ কৰে বেগটো।গহপুৰ দক্ষিণঞ্চলৰ চৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত বেগটো উদ্ধাৰ কৰা হয় । বেগটো বিশ্বনাথ নদী আৰক্ষীক গতাই দিছে স্থানীয় লোকে।বেগটোত ইন্দ্ৰেশ্বৰ বৰা প্ৰেছক্ৰিপচনো আছিল আৰু লগতে বিভিন্ন গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু কাপোৰ আছিল। সন্ধানহীন হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰাই বেগটো চিনাক্ত কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে তিনিদিন ধৰি নিখোজ হৈ থকা চিকিৎস্যক বিক্ৰমজিত বৰুৱা আৰু ইন্দ্ৰেশ্বৰ বৰাক বিচাৰি আজিও নিমাতি ঘাটত অব্যাহত আছে উদ্ধাৰ অভিযান ।

You might also like