Your Voice, Our Strength

মধ্য গুৱাহাটী শাখা লেখিকা সংস্থাৰ একাদশ দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন।

আজিৰ খবৰ, গুৱাহাটী, ৩ নৱেম্বৰ : গুৱাহাটীস্থিত লাষ্টগেটৰ শঙ্কৰদেৱনামঘৰ প্ৰাঙ্গণত মধ্য গুৱাহাটী শাখা লেখিকা সংস্থাৰ একাদশ দ্বিবাৰ্ষিক অধিবেনখন সফলতাৰে অনুষ্ঠিত হয় গাম্ভীৰ্যপূৰ্ণ মুকলি সভা পৰিচালনা কৰে শাখাৰ সভানেত্ৰী মীনা হাজৰিকা বৰাই। সভাত উপস্থিত থাকে সংস্থাৰ প্ৰথম পৃষ্ঠপোষক বিশিষ্ট লেখিকা তথা অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱী ,সংস্থাৰ সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্য্য, কাৰ্যকৰী সভানেত্ৰী মৃদুলা শৰ্মা, প্ৰধান সম্পাদিকা নীৰুশৰ্মা পৰাজুলী আৰু সংস্থাৰ প্ৰাক্তন সভানেত্ৰীদ্বয়ৰ লগতে উপস্থিত থাকে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি । বিশিষ্ট লেখিকা মৃণালিনী দেৱীয়ে আধ্যাত্মিক তত্ত্বৰ বিষয়ে বক্তৃতা প্ৰদান কৰি লেখিকা সকলক উদ্বোদ্ধ কৰে, । প্ৰতি গৰাকী আমন্ত্ৰিত বক্তাই বিভিন্ন পৰামৰ্শ আগবঢ়ায়। এওঁ সভাতে কেইবাগৰাকী লেখিকাৰ কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। আদৰণী ভাষণ পাঠ কৰে সম্পাদিকা ত্ৰিবেণী মজুমদাৰে।

You might also like