Your Voice, Our Strength

লখৰাত অসম হেণ্ডবল সন্থাৰ তিনিদিনীয়া ৰেফাৰী পৰীক্ষা শিবিৰ আৰম্ভ।

আজিৰ খবৰ, গুৱাহাটী , ১৮ ডিচেম্বৰ : অসম হেণ্ডবল সন্থাৰ তিনিদিনীয়া ৰেফাৰী পৰীক্ষা শিবিৰ আজিৰে পৰা গুৱাহাটীৰ লখৰাস্থিত উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত আৰম্ভ হৈছে । শিবিৰত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ১৫০ জন ৰেফাৰীয়ে ভাগ লৈছে । আনহাতে শিবিৰ মুকলি কৰে বন বিষয়া আৰু অসম বন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক পুলিন মহন্তই । এই উপলক্ষে অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট ক্রীড়াবিদ যতীন শৰ্মা , অসম টাংচুদূ সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ গগৈ , অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইকে ধৰি ক্ৰীড়াৰ লগত জড়িত থকা কেবাজনো বিশিষ্ট লোক উপস্থাপন থাকে ।

P&C
You might also like