Your Voice, Our Strength

আকাশ বাইজুছৰ গুৱাহাটী নিবাসী সুব্ৰত কুমাৰ গোস্বামীয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে লাভ কৰিছে শীৰ্ষ স্থান; নীট ইউ জি ২০২২ ত লাভ কৰিছে সৰ্বভাৰতীয় ৰেংকিং ১৫৩

প্ৰতিষ্ঠিত মেডিকেল প্ৰৱেশ পৰীক্ষাত সুব্ৰত কুমাৰ গোস্বামীয়ে লাভ কৰিছে ৭২০ ৰ ভিতৰত ৬৯৫ আৰু অসম আৰু গুৱাহাটী চহৰৰ ভিতৰতে পাইছে শীৰ্ষ স্থান

আজিৰ খবৰ, গুৱাহাটী, ছেপ্টেম্বৰ ০৮, ২০২২ : গুৱাহাটীৰ নিবাসী আকাশ বাইজুছৰ শিক্ষাৰ্থী সুব্ৰত কুমাৰ গোস্বামীয়ে প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় প্ৰৱেশ পৰীক্ষা (NEET) ইউ জি ২০২২ ত সৰ্বভাৰতীয় ১৫৩ ৰেংকিং দখল কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰি পৰিয়ালবৰ্গৰ লগতে শিক্ষা প্ৰতিষ্ঠানখনক গৌৰবান্বিত কৰিছে । এই সন্মানীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত সুব্ৰতই ৭২০ ৰ ভিতৰত ৬৯৫ লাভ কৰিবলৈ সক্ষম হৈছে । বুধবাৰে সন্ধিয়া এই প্ৰৱেশ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে নেচনেল টেষ্টিং এজেন্সিয়ে ।

বিশ্বৰ ভিতৰতে আটাইতকৈ কঠিন প্ৰৱেশ পৰীক্ষা হিচাপে পৰিগণিত নীটত উত্তীৰ্ণ হ’বলৈ দুবছৰৰ ক্লাছৰূম প্ৰগ্ৰেমত যোগদান কৰিছিল শিক্ষাৰ্থীগৰাকীয়ে । বিষয়বস্তুৰ ধাৰণাসমূহ গভীৰভাৱে আয়ত্ব কৰা আৰু শিক্ষা গ্ৰহণৰ সময়সূচী কঠোৰভাৱে পালন কৰাই হৈছে নীটত সৰ্বাধিক পাৰ্চেন্টাইল লাভ কৰা শিক্ষাৰ্থীৰ তালিকাত স্থান লাভ কৰাৰ মূল কাৰণ বুলি কয় শিক্ষাৰ্থীগৰাকীয়ে । “এই দুয়োটা দিশতে মোক সহায় কৰাৰ বাবে আকাশ বাইজুছৰ ওচৰত মই চিৰ কৃতজ্ঞ । বাইজুছৰ পৰা কনটেন্ট আৰু কোচিং লাভ নকৰা হ’লে মই কম সময়ৰ ভিতৰতে বিভিন্ন বিষয়ৰ ধাৰণা বুজি পোৱাত সক্ষম হ’ব নোৱাৰিলোঁহেতেন ।“ সুব্ৰতই কয় ।

P&C

সুব্ৰত কুমাৰ গোস্বামীক অভিনন্দন জনাই আকাশ বাইজুছৰ পৰিচালন সঞ্চালক আকাশ চৌধুৰীয়ে কয়, “সুব্ৰত কুমাৰ গোস্বামীক তেওঁৰ এই কৃতিত্বৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ । দেশজুৰি নীটত ২০২২ত মুঠ ১৬ লাখতকৈ অধিক শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল । তেওঁৰ কৃতিত্বই তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ লগতে পিতৃ মাতৃৰ সহায়-সহযোগিতাৰ কথাও প্ৰতিফলিত কৰিছে । সুব্ৰতৰ ভৱিষ্যৎ যাত্ৰাৰ বাবে আমি তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।“

তেওঁ কয় যে মহামাৰীত প্ৰভাবান্বিত হোৱা শৈক্ষিক বছৰসমূহত আকাশ বাইজুছে শিক্ষাৰ্থীসকলক নীটত অধিক পাৰ্চেন্টাইল লাভ কৰাত সহায় কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি অতিৰিক্ত দূৰত্ব অতিক্ৰম কৰিছে । “আমাৰ শিক্ষাৰ্থীসকলৰ বাবে সদায়ে উপলব্ধ হোৱাকৈ আমি আমাৰ ডিজিটেল উপস্থিতিৰ পৰিসৰ বৃদ্ধি কৰোঁ । আমি অনলাইনত ষ্টাডি মেটেৰিয়েল আৰু আৰ্হি প্ৰশ্নকাকত সহজলভ্য কৰোঁ । পৰীক্ষাৰ প্ৰস্তুতি আৰু সময় ব্যৱস্থাপনাৰ কৌশল আয়ত্ব কৰিব পৰাকৈ বিভিন্ন ভাৰ্চুৱেল উৎসাহমূলক ছেছন আৰু ছেমিনাৰৰো আয়োজন কৰিছিলো । গতিকে আমাৰ শিক্ষাৰ্থীসকলৰ স্কোৰ শ্বীট লাভ কৰি আমাৰ কষ্ট সাৰ্থক হোৱা দেখি আপ্লুত হৈছোঁ ।“

ভাৰতৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ লগতে বিদেশত মেডিকেল (MBBS), ডেন্টেল (BDS) আৰু আয়ুস (BAMS, BUMS, BHMS ইত্যাদি) ৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰতি বছৰে নেচনেল টেষ্টিং এজেন্সিয়ে শিক্ষাৰ্থীসকলৰ বাবে যোগ্যতাৰ পৰীক্ষা হিচাপে নীট আয়োজন কৰি আহিছে ।

You might also like