Your Voice, Our Strength

জালুকবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

আজিৰ খবৰ, গুৱাহাটী , ১৮ মে : মহানগৰীৰ জালুকবাৰীৰ মহাবীৰ লাচিত বৰফুকন উদ্যানৰ সমীপত জালুকবাৰী আৰক্ষী চকীৰ এটা দলে আজি দুপৰীয়া বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা যুৱকজনক আমিনুল ৰহমান ( ২৭ ) বুলি চিনাক্ত কৰা হৈছে । প্ৰাপ্ত খবৰ মতে জালুকবাৰী আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক পঙ্কজ কলিতাৰ নেতৃত্বত এটি দলে দুপৰীয়া আৰক্ষী চকীৰ সমীপতে থকা লাচিতবৰফুকন উদ্যানৰ সন্মুখত গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমানৰ ড্ৰাগছ সহ তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত সৰবৰাহকাৰী আমিনুল ৰহমানৰ পৰা আৰক্ষীয়ে ৭৪ টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ , ২ টা ড্ৰাগছ ভৰ্ত্তি চাবোন কেচ , ১১৫০১ টকা নগদ ধন , এ এছ ০১ বি এল ৩২৭০ নম্বৰৰ এখন স্কুটী জব্দ কৰে ।

You might also like