Your Voice, Our Strength

পল্লবী মটৰ্চত ব্ৰেজাৰ নতুন মডেল মুকলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ

আজিৰ খবৰ, গুৱাহাটী, ৭জুলাই, ২০২২ :  গুৱাহাটী মহানগৰীৰ জি এছ ৰোডত অৱস্থিত পল্লৱী মটৰ্চত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত মাৰুটি চুজুকীৰ নৱতম সংযোজন “ব্রেজা”ৰ এক নতুন মডেল মুকলি কৰে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে। আটকধুনীয়া বাহনখন মুকলি কৰি তেওঁ পল্লৱী মটৰ্চ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক অভিনন্দন জনোৱাৰ লগতে বাহনখনৰ সুৰক্ষাৰ ক্ষেত্ৰত সংযোজিত দিশসমূহে ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাত অগ্ৰাধিকাৰ লাভ কৰিব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানলৈ তেওঁ সৰ্বস্তৰৰ ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ নিয়ন্ত্ৰিত গতিতহে বাহন চলোৱাৰ লগতে কোনোৱে যাতে ৰাগীয়াল দ্ৰব্য সেৱন কৰি গাড়ী নচলায় সেই কথা উল্লেখ কৰি তেওঁ পথসুৰক্ষাৰ ক্ষেত্ৰত মানি চলিবলগীয়া নিৰ্দেশনা সমূহৰ প্ৰতি সময়তে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।উল্লেখ্য যে বাহনখনৰ মুকলি অনুষ্ঠানত মাৰুতি চুজুকীৰ দিব্য মিশ্ৰ, জোনমণি চক্ৰৱৰ্তী, দ্বীপেন বৈশ্যকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিতি থাকে।

P&C
You might also like