Your Voice, Our Strength

যোৰহাটত ২৬ জুনত ক’ত ল’ব পাৰিব দ্বিতীয় পালি ক’ভেক্সিন ভেকচিন ….

১৩ মে'ত লোৱা সকলেও দ্বিতীয় পালি ল'ব পাৰিব

আজিৰ খবৰ,যোৰহাট,২৩ জুন: সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ বিভিন্ন স্থানত প্ৰদান কৰি থকা হৈছে বিনামূলীয়া ভেকচিন । কোভিদৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে এতিয়া ওলাই আহিছে সকলো ।প্ৰতিটো প্ৰতিষেধক কেন্দ্ৰতেই ভেকচিনৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে যোৰহাট জিলা স্বাস্থ্য বিভাগে বিভিন্ন স্থানত ভেকচিন দিয়া অব্যাহত ৰাখিছে । এই কেইটা স্থানত ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে । ২৬ জুনত কাকজান কলেজ, টীয়ক C K B কলেজ, নকছাৰী উচ্চ মাধ্যমিক বিদ্যালয় , তিতাবৰৰ নন্দনাথ শইকীয়া কলেজ, যোৰহাটৰ C K B কলেজ, J B কলেজ , DCB কলেজ, যোৰহাট কলেজ আৰু বাহনা কলেজত ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰৰ বয়সৰ ভিতৰৰ ব্যক্তিসকলক ক’ভিড প্ৰতিষেধক ক’ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ’ব৷ উল্লেখ্য যে যোৱা ১৩ মে’ ২০২১ তাৰিখে যিসকল লোকে ক’ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল সেইসকলে কাইলৈ দ্বিতীয় পালি প্ৰতিষেধক ল’ব পাৰিব। এইক্ষেত্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা
ক’ভেক্সিনৰ ব্যক্তিসকলক একেটা কেন্দ্ৰতে গৈ নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ।
পুৱা ৯:৩০ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত প্ৰতিষেধক লাভ কৰিব পাৰিব৷ ভেকচিন লবলৈ যাওঁতে নিজৰ পৰিচয় পত্ৰৰ লগতে ম’বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে ।

You might also like