Your Voice, Our Strength

চিনেমাৰ নাম লৈ সৃষ্টি হোৱা এক কাহিনী

অসমীয়া বোলছবিৰ নামত এটি গল্প -নিমিলা_অংক

#নিমিলা #অংক#
উজনিৰ দুজনী গাভৰু’ ! এজনীৰ নাম – ‘জানমণি’, আনজনীৰ নাম ‘কাদম্বৰী’ ! দুয়োজনীয়ে দেখাত ‘ৰূপহী’ আৰু ‘ৰাংঢালী’ ! দুয়ো জনীৰ কথা ভাৱিলেই মোৰ ‘যৌৱনে আমনি কৰে’ l এদিন ‘মৰম নদীৰ গাভৰু ঘাট’ত ‘হালধীয়া চ’ৰাইক বাওধান খোৱাই থাকোতে ‘ জানমণি আৰু কাদম্বৰী’ৰ সতে মোৰ প্ৰথম ‘পৰিচয়’ হৈছিল ! জানমণি-কাদম্বৰীক দেখাৰ লগে লগেই মোৰ ‘উৰণীয়া মন’টো ‘পখী’ৰ দৰে উৰি ‘উন্মনা মন’ হৈ পৰিছিল ! মই ‘সপোন’ দেখিলোঁ ‘হিয়া দিয়া নিয়া’ কৰাৰ l অলপো ‘লাজ’ নকৰি কৈ দিলোঁ – ‘আছেনে কোনোবা হিয়াত?’ ৰচকী ‘কাদম্বৰী’য়ে ‘ৰং মনে’ৰে কলে: নাই ‘অনুৰাগ’ !
মই পুনৰ ‘হেঁপাহ’ত সুধিলোঁ – ‘মৰমী হ’বানে লগৰী’ ?
কাদম্বৰীয়ে ক’লে: ‘ইমান মৰম কিয় লাগে ?’
‘পানী’ত ভাঁহি ফুৰা ‘গঙা চিলনীৰ পাখি’ এখিলালৈ মই চাই কলোঃ ‘জীৱন নদীৰ দুটি পাৰ’ত ‘মৃত্যুহীন জীৱন’ কটোৱা মই এজাক ‘গৰম বতাহ’ l এটা ‘অঘৰী আত্মা’…আৰুনো কি ক’ম ‘এয়েই মোৰ জোনাকবিহীন জীৱন’ কাদম্বৰী !
মোৰ ‘কথানদী’ত ডুবগৈ কাদম্বৰীয়ে দৌৰি আহি ‘তুমি মোৰ মাথোঁ মোৰ’ বুলি মোক সাৱটি ধৰিলে l ময়ো ‘হিয়াৰ দাপোণত তোমাৰেই ছবি’ বুলি কৈ সাৱটি ধৰিলোঁ l প্ৰেমৰ ‘বৃষ্টি’য়ে আমাক ধুৱাই পেলালে !
: ‘আই লাভ ইউ’ কাদম্বৰী, আজিৰ পৰা মই তোমাৰ ‘নায়ক’ l

‘হৃদয়ৰ আঁৰে আঁৰে’ কাদম্বৰী সতে মোৰ ‘প্ৰেম আৰু প্ৰেম’ ‘আৱৰ্তন’ হৈ থাকিল l তাইৰ মোৰ ‘সপোন’ বোৰ ‘বুকুৰ মাজত জ্বলে’ প্ৰতিদিনে l
মই ‘নিশা অৰণ্য’ত ডায়েৰী পৃষ্ঠা উপচাই কবিতা লিখিলোঁঃ
তুমি ‘যুগান্তৰৰ তেজাল পুৱা’
জুয়ে পোৰা সোণ,
মোৰ ‘ৰামধেনু’ জীৱনৰ ‘অন্য এক যাত্ৰা’..

P&C

মোৰ ‘মৰমৰ দেউতা’কো কৈ থলো -‘বোৱাৰী’ এজনী পাইছো দেউতা , ‘কইনা মোৰ ধুনীয়া’ বহুত.. l সম্বন্ধীয়া ‘ভাইটি’কো কলো: ‘আজলী নবৌ’ এজনী সোনকালেই পাবা l
‘সৰু বোৱাৰী’ কৰি ‘জোনবাই’ৰ দেশত ‘ঘৰ সংসাৰ’ কৰিম বুলি কাদম্বৰীক কথা দিলো l তায়ো কলে: ‘জুমন-সুমন’ আমাৰ ‘ভূমিপুত্ৰ’ হ’ব l আজি কালি মোৰ বাবেই হেনো কাদম্বৰীৰ ‘জোন জ্বলে কপালত’ ।
আমাৰ ‘প্ৰেম কিচিম কিচিম’ৰ কথা গম পাই কাদম্বৰীৰ দেউতাক ‘ডাঃ বেজবৰুৱা’ই মোক মাতি পঠিয়ালে l মাতি পঠোৱাৰ কথা শুনিয়ে মোৰ ‘জেতুকা পাতৰ দৰে’ বুকুত ‘প্ৰিয়াৰ মিলন হ’ব’ বুলি মনত বাৰুকৈয়ে ‘ৰং’ লাগিল l
ৰে’লৰ আলিৰ দুবৰি বন’ গচকি ‘ মিঠা মিঠা লগন’ৰ পুৱাতে মই ‘ডা: বেজবৰুৱা’ ঘৰ পালোগৈ l
‘দেউতা’ক আহিল l লগতে ‘ৰঙা পুলিচ’ত কাম কৰা কাদম্বৰীৰ ককায়েক ‘হলধৰে’ও মোৰ কাষত আহি বহিলহি l
ডাঃ বেজবৰুৱাই মোক সুধিলে : কি কৰা ?
মোৰ চিধা উত্তৰ : ‘ইটো-সিটো-বহুতো’ !
বেছিকৈ প্ৰশ্ন সুধি থাকিলে ‘লটিঘটি’ হ’ব বুলিয়ে মই ‘প্ৰেমভৰা চকুলো’ৱে’ ডাঃ বেজবৰুৱালৈ চাই বাখ্যা কৰিলোঁ : নমস্কাৰ ! মই ‘কোঁৱৰ পুৰৰ কোঁৱৰ’ ‘ৰিক্সাৱালা’ৰ পুতেক ‘ছিৰাজ’! ‘বিধাতা’ৰ কৃপাত ‘কাদম্বৰী’ মোৰ ‘জীৱন বাটৰ লগৰী’ হ’বলৈ আগবাঢ়িছে l ‘প্ৰেম জনমে জনমে’ কৰিম বুলি শপতলৈ কাদম্বৰীক ‘পত্নী’ কৰিম বুলি ভাৱিছোঁ, এতেকে ‘অগ্নিসাক্ষী’ কৰি আপুনি ‘কন্যাদান’ কৰি মোৰ হাতত ‘অৰ্পণ’ কৰিব লাগে l
ভিতৰত গোপনে গোপনে আমাৰ কথা শুনি থকা কাদম্বৰীও চিঞৰিলে ‘সোণৰ খাৰু নালাগে মোক’ ‘দেউতা দিয়া বিদায়’ !
মোৰ কথা শুনিয়ে নে কি নাজানোঁ ডাঃ বেজবৰুৱাৰ চকুৰ পৰা ‘ফিৰিঙতি’ ‘বিস্ফোৰণ’ হ’ল l
বেঁকা দা এখন উলিয়াই ‘চিঞৰ’ মাৰি কলে : কটা নিধঃ ‘ৰিক্সাৱালা’ৰ পুতেক হৈ তোৰ ইমান সাহস ? ‘ধন কুবেৰৰ ধন’ৰ গৰাকী বুলিহে তোক মাতি পঠাইছিলোঁ l
ডাঃ বেজবৰুৱাৰ খঙৰ ‘অনল’ দেখি পিন্ধি থকা আধা চিগা হাৱাই চেণ্ডেলকে ‘ত্যাগ’ কৰি মই একে ল’ৰে ঘৰ পালোহি l
ইমান ‘অহংকাৰ’ ডা বেজবৰুৱাৰ ! এই ‘অহংকাৰ’ ভাঙিম বুলি মই ‘প্ৰতিজ্ঞা’ কৰিলোঁ l দেউতাক যদি ‘কাঞ্চনজংঘা’ ময়ো ‘ৰত্নাকৰ’ ! আমাৰ গাঁৱৰ ‘চোৰেণ চোৰৰ পুতেক’ৰ দৰেই পলুৱাই আনিম ! ভৱামতেই কাম – ‘এই মৰম তোমাৰ বাবেই’ বুলি কাদম্বৰীক হাতত ধৰি ‘বৰুৱাৰ সংসাৰ’ৰ পৰা পলুৱাই আনিলোঁ l ‘জয়মতী’, ‘সতী বেউলা’ৰ আদৰ্শৰে মোৰ ‘মৰমৰ পত্নী’ হম বুলি কাদম্বৰীয়েও কথা দিলে !
কাদম্বৰীক পলুৱাই অনা পিছদিনা আমাৰ ঘৰত ‘কোলাহল’ লাগিল l মোৰ নাম ‘হিটলিষ্ট’ত ৰাখি ডা: বেজবৰুৱাই ‘ৰঙা পুলিচ’ৰ লগত আমাৰ ঘৰ পালেহি !
মোক দেখিয়ে ‘বাৰুদ’ উলিয়ালে l আমাৰ চোতালত ‘ৰঙানদী’ বোৱাই ডা: বেজবৰুৱাই মোৰ ‘প্ৰিয়াৰ প্ৰিয়’ কাদম্বৰীক লৈ গুচি গ’ল l
– ‘প্ৰিয়া অ প্ৰিয়া’ মোক এৰি নাযাবা- বুলি মই চিঞৰিলো কিন্তু তুমিয়ে ‘চেনাই মোৰ ঢুলীয়া’ বুলি কোৱা কাদম্বৰীয়ে মোৰ ফালে এবাৰো উভতিকে নাচালে l ‘ভাগ্য’ক ধিয়াই মোৰ আশাক ‘অগ্নিস্নান’ কৰি চকুলোৰে ‘শেষ উপহাৰ’ দি আঁতৰি গলগৈ ! মোৰ ‘মনত বিৰিণাৰ জুই’ জ্বলি জ্বলি বেদনাৰ ‘দাগে’ বাৰুকৈয়ে দহিলে !
.. এনেকৈয়ে আমাৰ ‘স্নেহবন্ধন’ৰ যতি পৰিল ! সিদিনাৰ পৰাই ‘গুণ গুণ গানে গানে’ মোৰ বুকুত বিষাদ হৈ বাজি থাকিল l
মই পুনৰ ‘অঘৰী আত্মা’ হৈ গলোঁ l প্ৰেমৰ ‘যোগ-বিয়োগ’ কৰি থাকোতে থাকোতে মোৰ জীৱনটোৱে ‘নিমিলা অংক’ হৈ গ’ল অ !
.. ল’ৰালিৰ ‘দীনবন্ধু’ ‘অনিবাৰ্ণ আৰু ‘চামেলী মেমচাবে’ মোক বুজাই কলে: ‘সাগৰলৈ বহু দূৰ ‘ ! মই নুবুজিলোঁ ! আচলতে ‘অবুজন মন’ক বুজাব নোৱাৰিলোঁ l জাত-পাত, উচ্ছ,নীচ সমাজৰ ‘মীমাংসা’বোৰে আমাৰ প্ৰেমক ‘মদাৰৰ পাঁহি’ৰ দৰেই মৰহাই পেলালে l
এতিয়া মই কাদম্বৰীৰ বাবে ‘এৰা বাটৰ সুৰ’ ! আৰু মোৰ বাবে তাই কোনোদিনেই ঢুকি নোপোৱা ‘সন্ধ্যাৰাগ’ত জ্বলা এটি আকাশৰ ‘তৰা’ ! ….

You might also like