Your Voice, Our Strength

কেবিনেট মন্ত্ৰী হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । লাভ কৰিলে জাহাজ, জল পৰিবহন, বন্দৰ আৰু AYUSH মন্ত্ৰণালয় ।

তেলীয়ে পালে পেট্ৰ’লিয়াম বিভাগৰ ৰাজ্যিক মন্ত্ৰী

আজিৰ খবৰ,৭ জুলাই : সুদীৰ্ঘ ৮বছৰৰ অন্তত অসমৰ পৰা কেবনেট মন্ত্ৰী হ’ল সৰ্বানন্দ সোণোৱাল । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিলে জাহাজ, জল পৰিবহন আৰু বন্দৰ মন্ত্ৰণালয় । লগতে তেওঁৰ অধীনত থাকিব AYUSH মন্ত্ৰণালয় । ইফালে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ টেলিয়ে লাভ কৰিলে নতুন দায়িত্ব । তেলিক দিয়া হয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ লগতে শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ । এইবাৰ পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সভাত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক মন্ত্ৰী অন্তৰ্ভুক্ত হৈছে । মোদী মন্ত্ৰী সভাত ৫ জন উত্তৰ পূৰ্বাঞ্চলৰ মন্ত্ৰীয়ে স্থান পাইছে – তাৰে দুজন কেবিনেট মন্ত্ৰী আৰু তিনিজন ৰাজ্যিক মন্ত্ৰী । সৰ্বানন্দ সোণোৱাল আৰু কিৰেন ৰিজিজু কেবিনেট মন্ত্ৰী হোৱাৰ বিপৰীতে মণিপুৰৰ সাংসদ ৰাজকুমাৰ ৰঞ্জন সিং আৰু ত্ৰিপুৰাৰ সাংসদ প্ৰতিমা ভৌমিক ৰাজ্যিক মন্ত্ৰী হৈছে । অন্যহাতে সুদীৰ্ঘ ৩০বছৰৰ অন্তত উত্তৰ পূৰ্বাঞ্চলৰ এজন সাংসদ আইন মন্ত্ৰী হৈছে । অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেন ৰিজিজুক কেবিনেট মৰ্যাদা প্ৰদান কৰা হ’ল ।

 

P&C
You might also like