Your Voice, Our Strength

ব’ল ব’ম ,ব’ল ব’ম …কিনো এই বল ব”ম ? এই যাত্ৰাৰ লগত জড়িত প্ৰচলিত বিশ্বাস জানো আহক….

আজিৰ খবৰ ,১৯ জুলাই: এনেকৈ আহি তুমি অমৰকূত পৰ্বতৰ শিখৰত জিৰণি ল’লাহি/পৰ্বতৰ ঢালবোৰ যেন বনৰীয়া পকা আমবোৰে উজলাই তুলিছে/ আৰু তুমি যেন পৰ্বতৰ শিখৰত কিচকিচিয়া ক’লা ছুলিৰ এটা সোপাহে, এনে লাগিছে যেন হালধীয়া ঢালেৰে আবৃত মাজৰ ক’লা,সেউজীয়াখিনিৰে পৰ্বতখন পৃথিৱীৰ স্তনহে, যাৰ সোন্দৰ্যই স্বৰ্গৰ প্ৰেমীকবোৰক বলীয়া কৰিছে”-
কালিদাসৰ মেঘদূত কাব্য পঢ়িবচোন কি লালিত্য সঁচাই আপুনি পাগলহৈ যাব-। শাওনৰ কি যে ৰূপ ৰস। শাওন মানেই মেঘৰ মাহ ,সৃষ্টিৰ মাহ, শিৱৰ মাহ,প্ৰকৃতিৰ মাহ, । এক পবিত্ৰ মাহ শাওন। । এই মাহটো হিন্দু ধৰ্মীৰ আৰাধ্য দেৱতা শিৱৰ আৰাধনাৰ মাহ হিচাপে গণ্য কৰা হয় । শাওনৰ প্ৰতিটো সোমবাৰ শিৱ পূজাৰ বাবে পৱিত্ৰ দিন বুলি গণ্য কৰি ভগবান শিৱৰ উপাসক সকলে ব্ৰত পালন কৰে । এই মাহতেই আৰু এটা বস্তু দেখিবলৈ পোৱা যায় । শিৱভক্ত সকলে পৱিত্ৰ বুলি গণ্য কৰা নৈৰ পানী কঢ়িয়াই আনি স্থানীয় শিৱ মন্দিৰৰ শিৱ লিংগত সোমবাৰে ঢালে । গেৰুৱা বস্ত্ৰ পিন্ধি দলে বলে গৈ নৈৰ পানী আনি শিৱ লিংগত ঢলা এই যাত্ৰাক কাৱৰ যাত্ৰা , যাত্ৰী সকলক কাৱাৰিয়া বুলি কয় । যাত্ৰাত শিৱৰ নাম লৈ ব’ল ব’ম ( ব’ল মানে কোৱা বা লোৱা, ব’ম মানে শিৱ ৰ নাম) বুলি যাত্ৰী সকলে কৈ যোৱা বাবে ইয়াক ব’ল ব’ম যাত্ৰা বুলিও আজিকালি বহুতে কয় ।
এই যাত্ৰাৰ লগত জড়িত প্ৰচলিত বিশ্বাস
দেৱতা আৰু দানৱ মিলি কৰা সমুদ্ৰ মন্থনৰ কথা সকলোৱে জানে । এই মন্থনৰ ফলত অমৃত আৰু গৰল ( বিহ) উৎপন্ন হৈছিল । এই বিহক কোৱা হৈছিল হলাহল আৰু ইয়াৰ আছিল সমস্ত জীৱকুলক ধংশ কৰাৰ শক্তি । তাক অনুভব কৰি সকলোকে ৰক্ষা কৰিবলৈ শিৱই এই হলাহল পান কৰে, কোৱা হয় এই বিহ শিৱৰ ডিঙিত ৰৈ গৈছিল আৰু তেতিয়াৰ পৰা শিৱক নিলকণ্ঠ বুলিও জনা যায় । এই সকলো লক্ষ্য কৰি থকা দেৱতা সকলে শিৱক এই বৰবিহৰ প্ৰভাৱৰ পৰা সকাহ দিবলৈ তেওঁৰ গাত পৱিত্ৰ জল( পানী) ঢালিছিল ।
ভগবান শিৱৰ পৰম ভক্ত আছিল ৰাৱণ । ৰাৱনে গঙ্গাৰ পৱিত্ৰ পানী আনি ( আজিকালি কাৱাৰ সকলে যিদৰে আনে), শিৱক বিহৰ ক্ষতিৰ পৰা সকাহ দিবলৈ পুৰামহাদেৱ শিৱ মন্দিৰৰ শিৱলিংগত ঢালিছিল বুলি ভক্ত সকলে বিশ্বাস কৰে আৰু অতীজৰ পৰাই সেয়ে তেনেদৰে পৱিত্ৰ পানী আনি শাওন মাহত শিৱ লিংগত ঢালে । তেওঁলোকে বিশ্বাস কৰে যে এনে কৰিলে শিৱ প্ৰসন্ন হয় আৰু ভক্ত সকলৰ মানোবাঞ্ছা পূৰ্ণ কৰে ।
কি এই বল বমৰ ?
সকলোৱে দেখিছে, ভক্তসকলে এডাল বাঁহৰ মাৰিত দুফালে দুটা ঘটিৰ দৰে পাত্ৰ ওলোমাই কান্ধত লৈ গৈ থকা । এই সঁজুলিটোকে কাৱাৰ বুলি কোৱা হয় আৰু কাৱাৰ যাত্ৰা নামটো আৰু ভক্তসকলক কাৱাৰিয়া বোলা কথাটো ইয়াৰ পৰাই উৎপত্তি বুলি জানিবলৈ পোৱা যায় ।

You might also like